xondhan.com
এমুঠি অণুগল্প (পাপৰি বৰ্মন)
অপচয় "তুমি ফাৰ্মাচীলৈ গৈ আনিব নোৱাৰা। ইমান লাজ। স্মাৰ্ট হোৱা অলপ। তোমাৰ গাৱঁলীয়া স্বভাৱটোৰ বাবেই মোৰ কত পইচা অপচয় হল।" স্বামীৰ কথাত এবোৰচন কক্ষৰপৰা ওলাই অহা পত্নীয়ে চকু পানী মুচি তলপেটৰ বিষটোৰে সৈতে ভাবিলে, "অপচয়তো মোৰো হয় জৰায়ুৰ।" হিচাপ "মাক কৰবাত থোৱাৰ ব্যৱস্থা কৰা। এনেকৈ বিচনাত পেৰালাইচিচ হৈ পৰি বিচনাতে কামফেৰা কৰি থকা দেখি দেখি…