xondhan.com
বহাগ
তোমাৰ আকাশ নীলা চকুযুৰিত চালে এনে লাগে যেন টোপাল টোপাল বৰষুণেৰে বহাগ মোৰ বুকুলৈ নামিব, জীয়াই উঠিব ভালপোৱাৰ গান জীৱনে সুৰময় কথা পাতিব, বতাহে উৰুৱাই আনিব তোমাৰ সুবাস । এক অজানা মায়া আছে তাত কিয় বাৰু মায়াৰ এই বান্ধোন বহাগৰ লগত বৰষুণৰ বতৰা সপোনৰ সাধনা, সপোনে কঢ়িয়াই আনে তোমাৰ প্ৰাণময় নীলা দুচকুৰ জীয়া জীয়া দিঠক…