muktosinta.org
উত্তৰ-ঔপনিৱেশিক পৃথিৱী, নেহৰুৰ ঐক্যমত আৰু পৰিৱৰ্তনৰ গতিবেগ-(ইন্দ্ৰজিৎ বৰা) - মুক্ত চিন্তা
(১) প্ৰস্তাৱনা: আলোচনাৰ পটভূমি ক) যেতিয়া আমি কেৱল ভৰতবৰ্ষৰ নিৰ্বাচনী ৰাজনীতিৰ গণ্ডীৰ ভিতৰত প্ৰশ্নবোৰ আলোচনাৰ মাজলৈ আনো তেতিয়া স্বাভাৱিকভাৱেই আৰ্থ-সামাজিক দিশবোৰ চকুত নপৰে। উদাহৰণস্বৰূপে প্ৰতিষ্ঠান-বিৰোধিতাৰ দৰে ৰাজনৈতিক পৰিঘটনাবিলাক নিৰ্বাচনী গণিতৰ মাজতেই আবদ্ধ নহয়৷ বিৱৰ্তিত আৰ্থ-সামাজিক শক্তিবিলাকৰ গতিশীলতাইহে সাময়িকভাৱে এনে আনুষ্ঠানিক পৰিৱৰ্তন ঘটায়৷ সেয়ে প্ৰতিটো সমালোচনাই এক ঐতিহাসিক দৃষ্টিকোণৰ পৰা আৰম্ভ কৰিলেহে আৰ্থ-সামাজিক সমীকৰণবিলাক অনুধাৱন কৰাটো …