muktosinta.org
সম্পাদকৰ টোকা : সোপাধৰা আৰু গণ-উন্মাদনা (‍কৌশিক দাস) - মুক্ত চিন্তা
কাৰ্বি আংলঙৰ ডেনগাঁওৰ পাণজুৰিত সংঘটিত হৈছে এক মৰ্মন্তুদ ঘটনা। দুগৰাকী তজ্‌বজীয়া ডেকা নিলোৎপল দাস আৰু অভিজিত নাথ গৈছিল কাংথিলাংছ' জলপ্রপাতটি চাবলৈ। তাতেই “সোপাধৰা” বুলি এচাম উন্মত্ত মানুহে তেখেতসকলক নৃশংসভাৱে প্রহাৰ কৰি হত্যা কৰে। অতি কৰুণ, হৃদয়বিদাৰক ঘটনা। যুৱকদ্বয়ক কৰা অত্যাচাৰ-আক্রমণ-হত্যাৰ দুৰ্বিষহ দৃশ্যাৱলী কোনোবাই বৈদ্যুতিন সঁজুলিৰ দ্বাৰা ৰেকৰ্ড কৰে আৰু সেইটো ফেইচবুক-ৱাট্‌চেপ আদিৰ জৰিয়তে মানুহৰ মাজত …