muktosinta.org
ৰয়েল ছ’চাইটিৰ বৰ্তমানৰ সভাপতিজন আৰু ভাৰতবৰ্ষ-(পংকজ জ্যোতি মহন্ত) - মুক্ত চিন্তা
বিশ্বৰ আটাইতকৈ সন্মানীয় বৈজ্ঞানিক অনুষ্ঠান/সংস্থাসমূহৰ ভিতৰত এটা হ'ল ৰয়েল ছ’চাইটি (Royal Society)৷ সোতৰ শতিকাৰ মাজভাগত প্ৰতিষ্ঠা হোৱা এই অনুষ্ঠানটিয়েই বিশ্বৰ প্ৰথমখন বৈজ্ঞানিক গৱেষণা-পত্ৰিকা (journal) প্ৰকাশ কৰিছিল৷ (তাৰ দুমাহ পূৰ্বে ফ্ৰান্সৰপৰা ফৰাচী ভাষাত বিশ্বৰ প্ৰথমখন গৱেষণা-পত্ৰিকা প্ৰকাশ পাইছিল৷) ৰয়েল ছ’চাইটি প্ৰতিষ্ঠা নোহোৱা হ'লে আৰু তেওঁলোকে গৱেষণা-পত্ৰিকাখন প্ৰকাশ নকৰা হ'লে বহুতো বৈজ্ঞানিক আৱিষ্কাৰ আৰু উদ্ভাৱনে স্বীকৃতি পোৱাত …