muktosinta.org
ৰামলীলা - (সমুদ্ৰ কাজল শইকীয়া) - মুক্ত চিন্তা
ত্ৰিছ বছৰৰো অধিক কাল হ’ল। বিষম দেশত একেৰাহে সফলতাৰে ৰামলীলা উদযাপন হৈ আহিছে। ঢং সমিতি, অং সমিতি আৰু খং সমিতি নামৰ তিনিখন সমিতিয়ে সময়ে সময়ে এই উদযাপনৰ গুৰুভাৰ কান্ধ পাতি লৈ আহিছে। অৱশ্যে খং সমিতি বিষম দেশত নতুন। ঢং সমিতি আটাইতকৈ পুৰণা আৰু গোটেই ভাৰস্ততে নাম থকা সমিতি। দর্শক ৰাইজ আছিল শিং জোকাৰি ঘাঁহ খোৱাবিধৰ। …