muktosinta.org
অতিথি সম্পাদকৰ কলম (বিষয়-প্ৰান্তীয় কন্ঠ) - গীতালী বৰপাত্ৰগোহাঁই - মুক্ত চিন্তা
‘মূলসুঁতীয়’ আৰু ‘প্ৰান্তীয়’ - এই বায়’নেৰি অপ’জিছনৰ প্ৰসংগ সমাজ এখনত উত্থাপন হোৱা মাত্ৰেই অৱধাৰিতভাৱে আহি পৰে ‘ক্ষমতা’ৰ অৱস্থিতিৰ প্ৰশ্ন। অধিক শুদ্ধকৈ ক'বলৈ হ’লে ‘ক্ষমতাৰ অপ-ব্যৱহাৰ’; Misuse of power। লগতে জড়িত হৈ থাকে কতৃৰ্ত্ব, দমন আদি প্ৰসংগ আৰু সৃষ্টি হয় ক’লা-বগা, উচ্চ-নিম্ন, শোষক-শোষিত আদি বিভাজনবোৰ। পূৰ্বনিৰ্ধাৰিতভাৱে কৰ্তৃত্বসুলভতাৰে আমাৰ মগজুত গজাল মাৰি থোৱা থাকে কোনটো বস্তু এলিট …