muktosinta.org
পাহাৰৰ শৃংগত (মূল: সুনীল গঙ্গোপাধ্যায়। অনুবাদ: ‍কৌশিক দাস) - মুক্ত চিন্তা
বহুদিনৰ পৰাই মোৰ এখন পাহাৰ কিনাৰ চখ্‌। কিন্তু পাহাৰ কোনে বিক্ৰী কৰে সেইটো নাজানোঁ। যদি তেওঁক লগ পালোঁহেতেন, দাম কোনো হেঙাৰ নহ’লেহেতেন। মোৰ নিজস্ব এখন নৈ আছে, সেইখন দি দিলোঁহেতেন পাহাৰখনৰ বিনিময়ত। কোনেনো নাজানে, পাহাৰতকৈ নৈৰ দাম বেছি। পাহাৰ স্থাণু, নদী বহমান। তথাপি মই নৈৰ সলনি পাহাৰখনহে কিনিলোঁহেতেন। কাৰণ মই ঠগ খাবলৈ বিচাৰোঁ। নৈখনো অৱশ্যে …