muktosinta.org
মইনা চৰাই- (নন্দ গগৈ) - মুক্ত চিন্তা
যোৰহাট জিলাৰ দক্ষিণাঞ্চলৰ ঠাইসমূহত ফাগুন মাহৰ আৰম্ভণিৰে পৰা মইনা চৰাইৰ কল-কাকলি শুনিবলৈ পোৱা যায়। এই সময়ত ফাগুনৰ লঠঙা ওখ গছ-বিৰিখত ইহঁতে গছৰ খোৰোং সন্ধান কৰি বিচৰণ কৰা দেখা যায়। চৰাইজনী দেখাত ঘৰ শালিকা চৰাইতকৈ কিছু ডাঙৰ। চিকমিকিয়া ক’লা বৰণৰ। ঠোঁট বাদামী ৰঙৰ। ঠেং হালধীয়া। ডেউকাৰ মাজত বগা পাখিৰ ৰেখা আছে। চকুহালৰ তলৰ পৰা ফুলৰ পাহিৰ …