muktosinta.org
মেক্সিকোৰ নৱোন্মেষৰ উপকথা : ফ্ৰিদা কা'লো আৰু টিনা ম'ড'টী-(নিখিলেশ্বৰ বৰুৱা) - মুক্ত চিন্তা
ৰাজনৈতিক বিপ্লৱ আৰু শিল্পকলাৰ যি ঘনিষ্ঠ সম্পৰ্ক কুৰি শতিকাৰ প্ৰথম ভাগৰ মেক্সিকোত দেখা যায়, তেনে উদাহৰণ সমগ্ৰ বিশ্বৰ কলা বুৰঞ্জীতে বিৰল। সৰ্বসাধাৰণৰ এক স্বত:স্ফূৰ্ত বিপ্লৱৰ দ্বাৰা ভূস্বামীৰ শোষণ আৰু সামন্তবাদী শাসনক ক্ষমতাচ্যুত কৰাৰ পিছত মেক্সিকোৰ সামাজিক ৰাজনৈতিক পুণৰ্গঠন প্ৰক্ৰিয়াৰ এক বিশেষ অংগ আছিল শিল্পকলা, বিশেষকৈ ভিত্তিচিত্ৰ (Mural)সমূহ। এই সময়চোৱাক মেক্সিকোৰ নৱোন্মেষ (Mexican Renaissance) বোলা হয়। …