muktosinta.org
জ্যোতিষ : এক অনুসন্ধান- (জিতেন বেজবৰুৱা) - মুক্ত চিন্তা
বিশ্বখ্যাত ব্যংগ সাহিত্যিক জনাথন ছুইফট ব্যক্তিগত জীৱনতো ব্যংগৰ ওজা আছিল। সেই সময়ত ইংলেণ্ডত পেট্ৰিজ নামৰ এজন বিখ্যাত জ্যোতিষী আছিল; মানুহৰ ভৱিষ্যতবাণীৰ মাধ্যমেৰে তেওঁ হাজাৰজনৰ বিশ্বাসভাজন হৈ পৰিছিল। এবাৰ ছুইফটে ‘আইজাক বিকাৰষ্টাছ’ ছদ্মনামত ‘Bickerstass’ Almanac’ বুলি এখন অনাগত বৰ্ষৰ ভৱিষ্যতবাণী সন্নিৱিষ্ট পুস্তিকা লিখিলে। তাত তেওঁ ‘ভৱিষ্যতবাণী’ কৰিলে যে আহিবলগা মাৰ্চ মাহৰ ত্ৰিছ তাৰিখৰ দিনা পেট্ৰিজৰ মৃত্যু …