muktosinta.org
জন হেনৰী-(বৰ্ণালী বৰুৱা) - মুক্ত চিন্তা
১. প্ৰস্তাৱনা লৌহ মানৱ তেওঁ বৰ্ম আচ্ছাদিত সুঠাম কৃষ্ণ-দেহ । শিলৰ বাহু ! ভৰসাৰে কোমল , শিলৰ বুকু ! প্ৰেমেৰে সিক্ত ! প্ৰথম দিনাই তেওঁ মোৰ দুচকুৰ সাঁকোৰে , ধুমুহা হৈ বুকুলৈ সোমাই আহিছিল। বুলনিত ক্ষণিকো নোৰোৱাকৈয়ে ! মই কঁপিছিলোঁ , কঁপি থাকোঁ আজিও ! বন্য আছিল তেওঁৰ মন হৃদয় প্ৰেম আকুতি সকলো !! আন্তৰিক …