muktosinta.org
হালধীয়া দেৱদাৰুৰ কবিতা - (কস্তুৰী চুতীয়া) - মুক্ত চিন্তা
উচ্চতাৰ শিখৰ হোৱাৰ আগত হিমালয় এদিন সাগৰ আছিল সাগৰখন আছিল কেঁচুৱাসদৃশ মৃতকৰ বিছনাত মৃত্যুৰো মৃত্যু হোৱাৰ দৰে হিমালয়ৰ বেদনাত হেৰাই যোৱা ভোকত ক'ত বিচাৰি পালেহেঁতেন উচ্চতা আৰু উচ্চাকাংক্ষা, এভাৰেষ্টৰ অহংকাৰ দেৱদাৰু হালধীয়া হোৱাৰ দিনা ঘড়ীবোৰো শুই পৰিব আমি গাম নিচুকনি গীত তাৰ পাছত ধোঁৱা আৰু ধোঁৱা শ্ল'গানৰ সমদল এটা খেদি খেদি বহু মাহ বছৰৰ হিচাপ …