muktosinta.org
এক বিকল্প যৌন ৰাজনীতিৰ সন্ধানত-(জিতেন বেজবৰুৱা) - মুক্ত চিন্তা
ভাৰতীয় দণ্ড বিধিৰ ৩৭৭ নং অনুচ্ছেদটো অসাংবিধানিক, অযুক্তিকৰ আৰু উদ্ভট বুলি ঘোষণা কৰি যোৱা ৬ ছেপ্টেম্বৰ, ২০১৮ তাৰিখে উচ্চতম ন্যায়ালয়ে দিয়া ৰায়টো নিঃসন্দেহে ভাৰতৰ ৰাষ্ট্ৰ আৰু সমাজ উভয়ৰ বাবেই এটা যুগান্তকাৰী ৰায়। ঔপনিবেশিক যুগত ১৮৬২ চনৰপৰা কাৰ্যকৰী হোৱা ভাৰতীয় দণ্ড বিধি আইন বা ইণ্ডিয়ান পিনেল ক’ড (আই পি চি)খনক পৰৱৰ্তী সময়ত স্বাধীন ভাৰত, পাকিস্তান, বাংলাদেশ …