muktosinta.org
ধোঁৱা আৰু কোৱা-(অচ্যুৎ মাধৱ দাস) - মুক্ত চিন্তা
মেলি ৰোৱা চকুহাল মোৰ হাতত তুলি দি মানুহজনে শেষ ইচ্ছাটোৰ কথা ক’লে- চকুহাল জপাই নিদিবা আৰু এটা প্ৰশ্নবোধক হৈ তেওঁ শুই থাকিল মাটিত। . উদং পথাৰ এখনৰ হুমুনিয়াহটো আছিল তেওঁ যাৰ ওপৰেৰে কাউৰী এজনী উৰি গ’ল ছাইবোৰক এৰি যোৱা ধোঁৱাবোৰ আছিল তেওঁ যিদিনাৰ পৰা মানুহ এজন নোহোৱা হ’ল। . ইমান ধোঁৱাতকৈ এন্ধাৰেই ভাল, এন্ধাৰেই ভাল …