muktosinta.org
সাংস্কৃতিক শুভবুদ্ধি আৰু সাংস্কৃতিক বিপ্লৱ (২)-(কৌশিক দাস) - মুক্ত চিন্তা
১৯৪২ চনৰ কথা। দ্বিতীয় মহাসমৰৰ ভৰপক সময়। যুদ্ধ-সম্পৰ্কীয় অজস্র কামত অতিশয় ব্যস্ত এমেৰিকাৰ তদানীন্তন ৰাষ্ট্রপতি ফ্রাংকলিন ৰুজভেল্ট। সেই বছৰৰ আৰম্ভণিতে, ৩০ জানুৱাৰিত, তেখেতে আয়োজন কৰিছিল এখন জৰুৰী বৈঠকৰ। বৈঠকখনত বৃটিছ-ভাৰতৰ এচুকত অৱস্থিত তেনেই অনগ্রসৰ অসম নামৰ ভূখণ্ডটিৰ নাম বাৰম্বাৰ উচ্চাৰিত হৈছিল। সাত সাগৰ সিপাৰৰ এখন যুদ্ধকালীন জৰুৰী বৈঠকত, অভাবনীয় ব্যস্ততাৰ মাজত, অসমৰ প্রসংগ উত্থাপিত হোৱা …