muktosinta.org
বিলৰ পিছৰ চিন্তা-(জিতেন বেজবৰুৱা) - মুক্ত চিন্তা
অৱশেষত নাগৰিকত্ব সংশোধনী বিলখন পাছ হ’ল (লোকসভাত)। অসমৰ দল-সংগঠন তথা ৰাইজৰ সৰ্বাত্মক প্ৰতিবাদেও এইক্ষেত্ৰত কোনো প্ৰভাৱ পেলাব নোৱাৰিলে। এই প্ৰতিবাদে, আনকি দিল্লীত কৰা জংগী নগ্ন প্ৰতিবাদেও সৰ্বভাৰতীয় সংবাদ মাধ্যমতো কোনো হুলস্থূলৰ সৃষ্টি নকৰিলে। ভাৰত ৰাষ্ট্ৰৰ ভিতৰত অসমৰ দূৰণিবটীয়া ভূ-ৰাজনৈতিক অৱস্থান আৰু মূলসুঁতিৰ ভাৰতীয় সমাজখনৰ অৱজ্ঞাসূচক মনোভাবে অসমক এনেকৈয়ে বিচ্ছিন্ন আৰু নিঃসংগ কৰি এৰি দিছে – …