muktosinta.org
আমাৰ খাদ্য আমাৰ অধিকাৰঃ বিকৃত মন্তব্য দিবলৈ পতঞ্জলি কোন?-(বৰ্ণালী বৰুৱা দাস) - মুক্ত চিন্তা
অসমৰ পৰম্পৰাগত বৰ্ণিল খদ্যাভ্যাসৰ ঐতিহ্য বিধৃত হৈ আছে অনন্ত কন্দলী বিৰচিত ‘কুমৰ হৰণ’ কাব্যত‌। উষা-অনিৰুদ্ধৰ গোপন বিবাহ উপলক্ষে সখী চিত্ৰলেখাই পৰম যত্নেৰে ৰান্ধি বাঢ়ি পৰিবেশন কৰা সেই পঞ্চাশ ব্যঞ্জনৰ তালিকাই যি কোনো খাদ্য-ৰসিকৰে ৰসনা সিক্ত কৰি পেলোৱাটো নিশ্চিত‌। কি নাই সেই তালিকাত? বিধে বিধে মঙহ,- গাহৰী, হৰিণ, খাহী, পাৰ, কাছ ইত্যাদি, বিধে বিধে মাছ, - …