muktosinta.org
প্রস্তৰ মূৰ্তি - মুক্ত চিন্তা
(প্রতিবিপ্লৱৰ কালত) প্রীতি শইকীয়া ঘোঁৰাৰ পিঠিত যোদ্ধাজন টোপনিয়াই আছে যেন যুদ্ধ কৰিবলৈ নাই কোনো প্রতিপক্ষ। . দুৰন্ত ভংগীত জঁপিয়াবলৈ উদ্যত টগবগীয়া ঘোঁৰাটো এটা নিৰীহ প্রস্তৰ মূৰ্তি। . নিশ্চল ঘোঁৰাটোৰ পিঠিয়েদি বৈ আহে কাউৰীৰ নগৰীয়া বিষ্ঠা। . তথাপিও এতিয়াও যেতিয়া ছাইৰেন বাজে চিকমিকাই উঠে তেওঁৰ হাতৰ মুঠিৰ তৰোৱাল, আৰু তেতিয়াই উৎসুক পৰ্যটকৰ কেমেৰাই ক্লিক ক্লিক …