bouddhikbichar.com
দুটা কবিতা (ড° কমল কুমাৰ তাঁতী) - বৌদ্ধিক বিচাৰ
পিতল-চকুৱা শুকান নৰাবোৰৰ কাষে কাষে পিতল-চকুৱাৰ দীঘল ভৰিৰ খোজ। ভৰিৰ আঙুলিৰে চুই চালোঁ। সেমেকি সেমেকি শুকান হৈ গৈছে। নামঘৰৰ নিতাল বাটচ’ৰাটো সেমেকি আছে। পিতনিৰ বোকা আৰু ৰঙচুৱা মাটিৰে। শিপা আৰু জৰায়ুৰ ঘাঁৰ কেঁচা ৰঙেৰে। কোনোবা এজনৰ দেহৰ গোন্ধেৰে। সিঞাৰি সিঞাৰি আমাৰ মাত শুকালত দেখিলোঁ বাহঁনিৰ মাজেৰে কাৰোবাৰ খোজ। কোনোবা কিশোৰীৰ বয়ঃসন্ধিৰ কেঁচা ৰং। ঘৰ পালোগৈ। …