bouddhikbichar.com
বাঙালী প্ৰগতিশীলসকলৰ বিষয়ে দুটামান কথা৷৷ জিতেন বেজবৰুৱা৷৷ - বৌদ্ধিক বিচাৰ
নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাত বিপৰীতধৰ্মী প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদ চলি থকাৰ সময়ছোৱাত বহুসংখ্যক প্ৰগতিশীল বাঙালী ব্যক্তি তথা সংগঠনেই এক ভণ্ডামি তথা দ্বিচাৰিতাৰ আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে৷ তেওঁলোকৰ বহুতেই অসমীয়া প্ৰগতিশীল শিবিৰক আক্ৰমণৰ প্ৰধান লক্ষ্য কৰি লৈছে৷