bouddhikbichar.com
ব্ৰেণ্ডেড সামগ্ৰী ৷৷ প্ৰাঞ্জল অনুভৱী ৷৷ - বৌদ্ধিক বিচাৰ
ৰাতিপুৱা শুই উঠিয়েই আমি প্ৰতিদিনে এখন বিজ্ঞাপন জগতৰ মুখামুখি হওঁ। পেপাৰত বিজ্ঞাপন, আলোচনীত বিজ্ঞাপন, টিভিৰ পৰ্দাত বিজ্ঞাপন, বিজ্ঞাপন ৰেডিঅ’ এফ এম’ত। পদূলি মূৰৰ পৰাই শাৰী শাৰী প্ৰকাণ্ড প্ৰকাণ্ড হোৰ্ডিং। সুন্দৰী অৰ্ধনগ্ন নাৰীৰ লয়লাস ভংগিমা!