bouddhikbichar.com
‘হিন্দু উদাৰতাৰ’ পতাকা কেৱল অসমে দাঙিব ? ৷৷ ৰক্তিম গোস্বামী৷ - বৌদ্ধিক বিচাৰ
১৮৫৩ চন মানৰ পৰাই পূৰ্ববংগীয় মুলৰ মুছলমান কৃষকে অসমৰ চৰ-চাপৰি অঞ্চলত কৃষি কৰ্ম আৰম্ভ কৰে। পিছলৈ যেতিয়া অসমত বৃটিছ ঔপনিবেশিক শাসক গোষ্ঠীয়ে তেওঁলোকৰ অৰ্থনৈতিক ভেটিঁ সবল কৰিব পৰাকৈ থকা পৰ্যাপ্ত পৰিমাণৰ ভৌগোলিক সম্পদৰ উমান পালে, তেতিয়া অজস্র খেতিয়ক, শ্রমিক, বনুৱাক ভাৰতৰ আন আন ঠাইৰ পৰা বিশেষকৈ মধ্য ভাৰতৰ পৰা অসমলৈ আমদানি কৰাৰ ব্যবস্থা কৰা হ’ল।