bouddhikbichar.com
ছৱিয়েত সংঘৰ সন্দৰ্ভত প্ৰচলিত ৫০ বছৰীয়া মিথ্যাৰ অৱসান৷৷ কানাই গগৈ৷৷ - বৌদ্ধিক বিচাৰ
১৯৩২-৩৩ চনৰ কালছোৱাত ছৱিয়েত সংঘত, বিশেষকৈ ইউক্ৰেইন গণৰাজ্যত, মূলতঃ অনাবৃষ্টিৰ বাবে আকালৰ সৃষ্টি হৈছিল। খৰাঙৰ বাবে ১৯৩১ চনত আগৰ বছৰৰ তুলনাত আধা পৰিমাণৰ শস্যহে উৎপাদিত হৈছিল। অনাগত দিনবোৰৰ কথা চিন্তা কৰি স্বাভাৱিক মনস্তত্ত্বৰে কৃষকসকলেও শস্য লুকুৱাবলৈ ধৰিছিল। ফলত আকালে তীব্ৰ ৰূপ লৈছিল। আনহাতেদি অপুষ্টিত ভোগা শৰীৰবোৰত মহামাৰীৰো প্ৰাদুৰ্ভাৱ বাঢ়িছিল