bouddhikbichar.com
অজিত শইকীয়াৰ শিল্পকৰ্ম - বৌদ্ধিক বিচাৰ
শিল্পই সুন্দৰৰ সৃষ্টি কৰে বুলি কোৱা হয়। প্ৰকৃততে সেই সুন্দৰৰ অৰ্থ কি ? যি শিল্পই জীৱনক সৌন্দৰ্য দান কৰিব পাৰে আৰু সেই শিল্পকেই যদি সাৰ্থক শিল্প বুলি কোৱা হয়, তেনেহ’লে উক্ত শিল্পই সমাজক জিলিকাব লাগিব । মানুহৰ কথা ক'ব লাগিব শিল্পই , দুৰ্দশাগ্ৰস্ত বা অভাৱগ্ৰস্ত মানুহৰ জীৱনক সঠিকভাৱে প্ৰতিফলিত কৰিব লাগিব।