bouddhikbichar.com
তিৱা সংস্কৃতিৰ ঐতিহ্য আৰু পৰম্পৰা৷৷ ধীৰাজ পাটৰ৷৷ - বৌদ্ধিক বিচাৰ
অসম তথা উত্তৰ পূব ভাৰতলৈ অহা মঙ্গোলীয় প্ৰজাতিৰ অন্যতম জনগোষ্ঠী হৈছে তিৱাসকল। প্ৰাচীন কালৰে পৰা মঙ্গোলীয় প্ৰজাতিৰ লোকসকলে অসমলৈ স্তৰে স্তৰে আহি নিগাজিকৈ বসবাস কৰিবলৈ লয় যাক বৰ্তমান অসমৰ ভূমি পুত্ৰ বুলি কোৱা হয়। তিৱাসকলৰ মাজত শাৰীৰিক গঠন, বাসস্থান, খোৱা-লোৱা, সামাজিক লোকাচাৰ, পৰম্পৰাগত ৰীতি-নীতি ইত্যাদিবোৰৰ মাজত মঙ্গোলীয় প্ৰজাতিৰ প্ৰায়বোৰ বৈশিষ্ট্য ফুটি উঠা দেখা যায়।