bouddhikbichar.com
বন্দুকৰ বেৰেলত ফুলিব বকুল৷৷ টুনুজ্যোতি গগৈ৷৷ - বৌদ্ধিক বিচাৰ
: নয়না, মই আনুষ্ঠানিক পঢ়া-শুনা বৰ বেছি নকৰিলেও দুখনমান ধ্ৰুপদী উপন্যাস পঢ়িছো৷ তাৰ ভিতৰত মাৰ্কুইজৰ ‘লাভ ইন দা টাইম অৱ কলেৰা' অন্যতম৷ এজন পুৰুষে প্ৰিয় নাৰীগৰাকীৰ প্ৰেম-সান্নিধ্যৰ বাবে অপেক্ষা কৰিছিল অৰ্ধশতাব্দীৰো কাল৷ এপিনে কলেৰা বিধবস্ত এখন দেশ আৰু আনপিনে বৃদ্ধত্ব আৰু মৃত্যুক অতিক্ৰমি প্ৰেমৰ অমৰত্ব৷