bouddhikbichar.com
ভোগবাদ : এক প্রহসন ৷৷ বিদ্যুৎ বিকাশ চিৰিং৷৷ - বৌদ্ধিক বিচাৰ
‘ভোগবাদ’ এক সামাজিক আৰু অৰ্থনৈতিক ধাৰা, যাৰ ভিত্তি প্ৰতিষ্ঠিত হৈছে মানুহৰ মনত প্ৰক্ৰিয়াগত তথা পৰিকল্পিতভাৱে কৃত্ৰিম অভাৱ বা প্ৰয়োজন সৃষ্টি কৰাৰ ওপৰত। ভোগবাদৰ জৰিয়তে মানুহৰ মনত এনেদৰে কৃত্ৰিম প্ৰয়োজন কিছুমানৰ সৃষ্টি হয় যাৰ ফলত মানুহে অধিকৰ পৰা অধিকতৰ ভোগ্য সামগ্ৰী আহৰণ কৰিব বিচাৰে।