bouddhikbichar.com
ভোগবাদ আৰু অসুখী মনবোৰ ৷৷ দেৱাঞ্জন বৰঠাকুৰ৷৷  - বৌদ্ধিক বিচাৰ
ভোগবাদে আমাক অসুখী কৰে৷ বজাৰত নতুন মবাইল এটা ওলাইছে৷ তাক কিনিবলৈ আমাৰো মন লিকলিকাব আৰু সেই মবাইলটো কিনাৰ সামৰ্থ গোটাবলৈ হয়তো আমি অহুপূৰুষাৰ্থ কৰিম৷ এই কেতিয়াও শেষ নোহোৱা প্ৰক্ৰিয়াটোত আমি হেৰুৱাই পেলাম সুখ আৰু জীয়াই থকাৰ ছন্দ৷