bouddhikbichar.com
মামণি ৰয়ছম গোস্বামীৰ উপন্যাসত শ্ৰমিক জীৱনৰ চিত্ৰ (টুনুজ্যোতি গগৈ) - বৌদ্ধিক বিচাৰ
মামণি ৰয়ছম গোস্বামীয়ে তেওঁৰ সৃষ্টিৰাজিত শ্ৰমিক শ্ৰেণীক মুক্তি পথৰ সন্ধান দিব নোৱাৰিলে বুলি কোৱাৰ অৰ্থ এনেকুৱা নহয় যে তেওঁ ঔপন্যাসিক হিচাবে ক'ৰবাত ব্যৰ্থ হৈছে বা তেওঁৰ উপন্যাসত প্ৰগতিশীলতাৰ কোনো উপাদান নাই৷ মানৱতাবাদী ঔপন্যাসিকগৰাকীয়ে মানৱতাৰ মুক্তি পথৰ সন্ধান দিয়াত ব্যৰ্থ হ'লেও তেওঁৰ উপন্যাসসমূহত শ্ৰমিকসকলৰ মৌলিক সমস্যা আৰু মুক্তিৰ আকাংক্ষা যথোপযুক্তভাৱে উত্থাপন কৰিছে৷