bouddhikbichar.com
অন্ধলা ( নিপজ্যোতি ডেকা ) - বৌদ্ধিক বিচাৰ
বৰুৱাই কিতাপ পঢ়ি পোৱা জ্ঞানেৰে বহু ফালেই পৈণত হৈ পৰিব বুলি ভাবিছিল৷ ভৰ্তি জ্ঞান ভাণ্ডাৰ লগত থাকিলে জীৱনৰ বাটত খোজ কাঢ়িলে থেকেচা কমকৈ খাব বুলিয়েই ভাবিছিল এই প্ৰভাত বৰুৱাই৷ পিছে গোটেই জীৱন থেকেচা খাই খায়েই আগবাঢ়ি থাকিল৷ তথাপি ভালখিনি লৈ বেয়াখিনি আঁতৰাব বৰুৱাই জানে৷ মাছৰ দেহত থকা কাঁইটে মাছটোক নিবিন্ধাৰ দৰে তেওঁৰ দুখ থাকিলেও সেইবোৰে বৰুৱাৰ বিশেষ অপকাৰ কৰিব পৰা নাই৷