bouddhikbichar.com
জুবিন গাৰ্গ ক’ত হেৰাই গ’ল? ( সমুদ্ৰ কাজল শইকীয়া ) - বৌদ্ধিক বিচাৰ
এক সুদীৰ্ঘ কাল ধৰি অনলস চৰ্চাত নিবৃত হৈ অহাৰ পিছতো জুবিন গাৰ্গৰ শৈল্পিক যাত্ৰাৰ পৰ্বান্তৰ চিহ্নিত কৰাটো অলপ দুৰূহ। দুৰূহ বুলি কোৱা হৈছে এই কাৰণে নহয় যে শিল্পীজন জীৱিত আৰু এতিয়াও কৰ্মৰত, এইবাবেই নহয় যে তেওঁৰ কৰ্মৰ বিস্তাৰ আৰু পৰিসৰ ব্যাপক। দুৰূহ এই বাবেহে যে এজন শিল্পী হিচাপে তেওঁ এটা স্থানৰ পৰা অন্য এটা স্থানলৈ গমণ কৰাৰ সম্ভেদ বৰকৈ নিদিয়ে। যাত্ৰা বুলিলে এটা স্থানান্তৰণৰ ধাৰণা থাকিব। এটা দিশ থাকিব। ‘ক’ স্থানৰ পৰা ‘খ’ স্থানলৈ গতি কৰিব লাগিব।