bouddhikbichar.com
এগৰাকী ধৰ্ষিতাৰ ডায়েৰীৰ পৰা ( ৰুবী এন বৰা ) - বৌদ্ধিক বিচাৰ
অলপ ওলাই গ'লেও মানুহৰ অসহ্যকৰ দৃষ্টিবাণ। উঠি অহা ল'ৰাবোৰৰ অশ্লীল ইংগিত। ভাইটি আৰু ভণ্টিয়ে মোৰ লগত কথা পতা বন্ধ কৰি দিলে। এদিন ভাইটিয়ে মাক ক'লে-"মা বাক ক'ৰবালৈ পঠিয়াই নিদিয়া কিয়? মই ক'তো যাব নোৱাৰো চবেই খালী সেইবোৰ কথাকে কয়। এনেকৈ ঘৰতে সোমাই থাকিলে তাই মানুহ হৈ নাথাকে।