bouddhikbichar.com
ভাষাৰ ব্যৱহাৰ ( ডঃ ছবি গগৈ) - বৌদ্ধিক বিচাৰ
ভাষা এটা জীয়াই থাকে মানুহৰ মুখত। গ্ৰন্থৰ ভাষাটো এক শ্ৰেণীৰ মানুহৰ মাজতহে সীমিত হৈ থাকে । মুখৰ ভাষাটোৱে সমাজৰ বহল অংশ অধিকাৰ কৰি থাকে। বহু সময়ত মুখৰ ভাষাই লিখিত ভাষাটোক প্ৰভাৱিত কৰাও দেখা যায়। এই প্ৰভাৱে ভাষাৰ লিখিত ৰূপক কেতিয়াবা সমৃদ্ধ কৰে; কেতিয়াবা আপচু আৰু বিকৃত কৰে।