bouddhikbichar.com
চলচ্চিত্ৰ যেতিয়া জীৱনবোধৰ দিশ হয় ( অনিতা ডেকা বৰা ) - বৌদ্ধিক বিচাৰ
চাইকেলখন হেৰুৱাৰ পাছত এণ্টনিঅ'ই আৰক্ষীৰ কাষ চাপে, ওচৰ চুবুৰীয়াৰ সহায় লয় আৰু লগত তেওঁৰ পুত্ৰ সন্তান কণমানি ব্ৰুণোক লৈ ৰোমৰ বিভিন্ন পথত চাইকেলখনৰ অভিযানত নামি পৰে। চহৰৰ মানুহৰ জুম, চাইকেল ষ্টেণ্ড, গীৰ্জা-- সকলো ঠাইতে চাই, অৱশেষত ভৱিষ্যত বক্তা এগৰাকীৰ পৰামৰ্শও লয়। তাতো তেওঁ হতাশ হয়। ক্ৰমান্বয়ে হতাশাত বশৱৰ্তী হৈ এণ্টনিঅ'ই এজন নিৰ্দোষী যুৱকক ভাবুকি দি প্ৰহাৰ কৰি চাইকেলখন বিচাৰে যদিও ঘটনাটোৰ প্ৰতিক্ৰিয়া বেলেগ হয়।